Type Here to Get Search Results !

বৃটিছৰ যুগৰ পৰা বৰ্তমানলৈকে শিৱসাগৰৰ শিক্ষা ব্যৱস্থা

শিক্ষা হ’ল সমাজ এখনৰ দাপোণস্বৰূপ৷ শিক্ষা ব্যৱস্থাৰ জৰিয়তে সমাজখনৰ বিভিন্ন দিশৰ বিষয়ে জানিব পাৰি৷ উজনি অসমৰ এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ নগৰ শিৱসাগৰ শিক্ষাৰ ক্ষেত্ৰত এখন অগ্ৰণী ঠাই। ১২২৮ চনৰ পৰা ১৮২৬ চনলৈ সুদীৰ্ঘ ছশ বছৰীয়া আহোমসকলৰ ৰাজত্বকালত শিৱসাগৰ প্ৰশাসনৰ কেন্দ্ৰস্থল হোৱাৰ লগতে শিক্ষা, সংস্কৃতি আৰু ভাষা-সাহিত্য চৰ্চাৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছিল৷ আহোমসকলৰ শাসনকালত ৰাণী ফুলেশ্বৰী কুঁৱৰী আৰু সৰ্বেশ্বৰী কুঁৱৰীয়ে ৰংপুৰত স্ত্ৰীশিক্ষাৰ প্ৰচলন ঘটাইছিল৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু পুৰন্দৰ সিংহয়ো শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল৷


১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসমলৈ বৃটিছৰ আগমন ঘটে। বৃটিছসকলৰ লগতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মিছনেৰীসকলৰো অসমত প্ৰৱেশ ঘটে। যদিও খ্ৰীষ্টান মিছনেৰীসকলৰ মূল উদ্দেশ্য আছিল ধৰ্ম প্ৰচাৰ, তথাপি তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰখনলৈও যথেষ্ট অৰিহণা যোগাইছিল৷


খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত ১৮৪১ চনত অসমৰ দ্বিতীয়খন চৰকাৰী ইংৰাজী বিদ্যালয় স্থাপিত হৈছিল শিৱসাগৰত৷ বৰ্তমান এই বিদ্যালয় ‘শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ নামেৰে পৰিচিত৷ মিছনেৰীসকলে ধৰ্ম প্ৰচাৰৰ পথ সুগম কৰি তুলিবলৈ অসমৰ ৰাইজক শিক্ষিত কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল৷ সেয়ে তেওঁলোকে শিৱসাগৰৰ বিভিন্ন ঠাইত বিদ্যালয় স্থাপন কৰিছিল৷


বৃটিছসকলৰ দিনত ৰাইজৰ সহযোগত শিৱসাগৰত যথেষ্ট সংখ্যক বিদ্যালয় স্থাপিত হৈছিল৷ ১৮৮২ চনত স্থাপিত হৈছিল ১ নং টাউন এল পি স্কুল বা দুখীয়া স্কুল। ১৮৮৯ চনত শিৱসাগৰত প্ৰথমখন বেচৰকাৰী বিদ্যালয় ‘বেজবৰুৱা হাইস্কুল’ স্থাপন কৰা হৈছিল৷ ১৯০২ চনত ‘নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়’, ১৯০৩ চনত ‘শিৱসাগৰ হাইমাদ্ৰাছা’ আৰু ১৯০৭ চনত ‘জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ প্ৰতিষ্ঠা হৈছিল৷


নাৰী শিক্ষাৰ ক্ষেত্ৰতো শিৱসাগৰ পিছ পৰি থকা নাছিল৷ ১৯১৫ চনত ‘ফুলেশ্বৰী ইন্সটিটিউচন’ নামেৰে এখন বালিকা শিক্ষানুষ্ঠান (বৰ্তমান ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়) স্থাপন কৰা হৈছিল, ফুলেশ্বৰী কুঁৱৰীৰ সোঁৱৰণত৷ ১৯৪১ চনত এই বিদ্যালয়ৰ পৰা পোনপ্ৰথমবাৰৰ বাবে পাঁচগৰাকী ছাত্ৰীয়ে প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ পৰৱৰ্তী সময়ত শিৱসাগৰৰে দুগৰাকী মহিলা ক্ৰমে সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা অসমৰ প্ৰথম মহিলা স্নাতক ৰূপে পৰিগণিত হৈছিল৷


স্বাধীনতাৰ পূৰ্বে শিৱসাগৰ জিলাত আৰু কেইবাখনো বিদ্যালয় প্ৰতিষ্ঠা হৈছিল৷ এই বিদ্যালয়সমূহৰ সৰহ সংখ্যকেই মধ্য ইংৰাজী বা উচ্চ মাধ্যমিক বিদ্যালয় ৰূপে প্ৰতিষ্ঠা হ’লেও পিছলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হৈছিল৷ এনে বিদ্যালয়সমূহৰ ভিতৰত দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় (১৯১৯), ভাগৱতী প্ৰসাদ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় (১৯৩৫), বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় (১৯৩৬), মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় (১৯৪০), সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয় (১৯৪২), নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় (১৯৪৬) অন্যতম৷


কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰতো শিৱসাগৰ আগৰণুৱা আছিল৷ অসমৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে ১৯১৮ চনত শিৱসাগৰৰ পাটসাঁকোত কাৰিকৰী শি‍ক্ষা প্ৰৱৰ্তনৰ উদ্দেশ্যে ভুবন চন্দ্ৰ গগৈ আৱাসিক কাৰিকৰী শি‍ক্ষানুষ্ঠান ‘অসম পলিটেক বিদ্যালয়  স্থাপন কৰা হৈছিল৷ ১৯২৩ চনত এই বিদ্যালয়খন শিৱসাগৰ নগৰলৈ স্থানান্তৰ কৰা হৈছিল৷


১৯৯৪ চনত জয়সাগৰত ‘নৱোদয় বিদ্যালয়’ স্থাপন কৰা হৈছিল৷ বৰ্তমান এই বিদ্যালয় নাজিৰাৰ চকীমুখলৈ স্থানান্তৰিত কৰা হৈছে৷ চি বি এছ ই ৰ দ্বাৰা পৰিচালিত জিলাখনৰ আন আন অগ্ৰণী শিক্ষানুষ্ঠানকেইখন হ’ল— শিৱসাগৰ আৰু নাজিৰা অ এন জি চি কলনীত অৱস্থিত একোখনকৈ কেন্দ্ৰীয় বিদ্যালয় আৰু নাজিৰাত থকা দিল্লী পাবলিক স্কুল৷ আনহাতে, জাঁজীত থকা সংস্কৃত টোল, চলাপথাৰত থকা পালি বিদ্যালয় আৰু পাটসাঁকোত থকা টাই একাডেমীয়ে জিলাখনৰ শৈক্ষিক দিশলৈ বৰঙণি যোগাই আহিছে।


উচ্চ শিক্ষাৰ ক্ষেত্ৰখনলৈ চালে দেখা যায় শিৱসাগৰত প্ৰথমখন মহাবিদ্যালয় (শিৱসাগৰ মহাবিদ্যালয়) স্থাপিত হৈছিল ১৯৪৭ চনত। কলা আৰু বিজ্ঞান শাখা সম্বলিত শিৱসাগৰ মহাবিদ্যালয়ে ‘নাক’-ৰ A গ্ৰেড পোৱাৰ লগতে সম্প্ৰতি অসম চৰকাৰে বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছে৷ ১৯৫৯ চনত স্থাপিত হোৱা আৰু নাকৰ মূল্যায়নত B গ্ৰেড পোৱা গড়গাঁও মহাবিদ্যালয়ত কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখা আছে৷ ১৯৬৪ চনত জিলাখনত কেইবাখনো মহাবিদ্যালয় স্থাপিত হৈছিল৷ সেইকেইখন আছিল— শিৱসাগৰ ছোৱালী মহাবিদ্যালয়, মৰাণ মহাবিদ্যালয়, শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয় আৰু জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়৷ ১৯৬৫ চনত নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়, ১৯৬৭ চনত আমগুৰি মহাবিদ্যালয়, ১৯৬৯ চনত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় স্থাপিত হয়৷ ১৯৭০ চনত তিনিখন মহাবিদ্যালয় ক্ৰমে— নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়, সোণাৰি মহাবিদ্যালয় আৰু ডিমৌ মহাবিদ্যালয় প্ৰতিষ্ঠা হয়৷ ঠিক তেনেদৰে ১৯৮১ চনত নাজিৰা মহাবিদ্যালয় আৰু বীৰ লাচিত মহাবিদ্যালয়, ১৯৮২ চনত দিখৌমুখ মহাবিদ্যালয়, ১৯৮৮ চনত সাপেখাতী মহাবিদ্যালয়, ১৯৯১ চনত সোণাৰি বাণিজ্য মহাবিদ্যালয় আৰু বৰহাট মহাবিদ্যালয় আৰু ১৯৯২ চনত স্থাপন হোৱা মৰাণ মহিলা বিদ্যালয়ে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষা আহৰণৰ সপোন দিঠক কৰি তুলিছে৷


শিক্ষক প্ৰশিক্ষণৰ বাবে জয়সাগৰত ‘বুনীয়াদী প্ৰশিক্ষণ কেন্দ্ৰ’ (১৯৫৮) আৰু সোণাৰিত ‘জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (১৯৯৬) আছে৷ ১৯৯০ চনত ‘শিৱসাগৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়’ প্ৰতিষ্ঠা কৰা হৈছিল যদিও কিছু দিনৰ পাছত বন্ধ হৈ পৰে৷ ১৯৭২ চনত ‘শিৱসাগৰ আইন মহাবিদ্যালয়’ প্ৰতিষ্ঠা কৰা হৈছিল যদিও বৰ্তমান ইয়াৰ অস্তিত্ব নাই৷ ২০১০ চনত প্ৰতিষ্ঠা হোৱা ‘ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়’-এ জিলাখনৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক নতুন জাগৰণ আনিব বুলি আশা কৰা হৈছে৷


শিক্ষাৰ সমান্তৰালকৈ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰলৈও শিৱসাগৰে বিশেষ বৰঙণি যোগাই আহিছে৷ ১৮৪৬ চনত খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত শিৱসাগৰৰ পৰাই অসমৰ প্ৰথমখন বাতৰি কাকত ‘অৰুণোদয়’ প্ৰকাশ পাইছিল৷ শিৱসাগৰৰ পৰা ‘অৰুণোদয়’ প্রকাশ পোৱাৰ বাবেই শিৱসাগৰৰ কথিত ভাষাই লিখিত ৰূপ পাইছিল৷ ঠিক তেনেদৰে শিৱসাগৰৰ প্ৰখ্যাত ৰাইবাহাদুৰ কালীপ্ৰসাদ চলিহাৰ কন্যা কমলালয়া কাকতি আৰু বোৱাৰী কনকলতা চলিহাৰ সম্পাদনাত ১৯২৮ চনত অসমৰ প্ৰথমখন মহিলা আলোচনী ‘ঘৰজেউতি’ প্রকাশ হৈছিল শিৱসাগৰৰ পৰাই।


অসমীয়াৰ জাতীয় জীৱনৰ স’তে গভীৰভাৱে সংপৃক্ত অনুষ্ঠানসমূহৰ অন্যতম হ’ল— ‘অসম সাহিত্য সভা’। অসমীয়া ভাষা-সাহিত্যৰ উন্নয়ন, প্ৰসাৰ আৰু উৎকৰ্ষ সাধনৰ লক্ষ্যৰে স্থাপন হোৱা ‘অসম সাহিত্য সভা’ৰ প্ৰথম অধিবেশন অনুষ্ঠিত হৈছিল ১৯১৭ চনৰ ২৬ আৰু ২৭ ডিচেম্বৰত শিৱসাগৰত। পৰৱৰ্তী সময়ত ১৯৩১, ১৯৪৪ আৰু ১৯৯৩ চনত শিৱসাগৰত সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত হোৱাৰ উপৰি ২০১৭ চনত সাহিত্য সভাৰ শতবৰ্ষীয় অধিবেশনো শিৱসাগৰতে অনুষ্ঠিত হৈছিল। অসমৰ এই জাতীয় অনুষ্ঠানটিৰ সভাপতিত্ব কৰা সোতৰজনকৈ অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী ক্ৰমে— পদ্মনাথ গোহাঞিবৰুৱা, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ড° মইদুল ইছলাম বৰা, বেণুধৰ শৰ্মা, যতীন্দ্ৰনাথ দুৱৰা, পদ্মধৰ চলিহা, ডিম্বেশ্বৰ নেওগ, নকুলচন্দ্ৰ ভূঞা, তীৰ্থনাথ শৰ্মা, ড° সত্যেন্দ্ৰনাথ শৰ্মা, ড° মহেশ্বৰ নেওগ, বীৰেন বৰকটকী, ড° মহেন্দ্ৰ বৰা, ড° নিৰ্মলপ্ৰভা বৰদলৈ, ড° লীলা গগৈ, চন্দ্ৰপ্ৰসাদ শইকীয়া আৰু ইমৰান শ্বাহ জন্মসূত্ৰে বা কৰ্মসূত্ৰে শিৱসাগৰ জিলাৰে৷ তদুপৰি আন পাঁচজন সভাপতি ক্ৰমে— কনকলাল বৰুৱা, নলিনীবালা দেৱী, ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিনন্দ চন্দ্ৰ বৰুৱা আৰু ড° ভূপেন হাজৰিকাৰ শিৱসাগৰৰ লগত যোগসূত্ৰ আছে৷


শিক্ষা, ভাষা, সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে শিৱসাগৰে বৃটিছৰ দিনৰে পৰা বৰ্তমানলৈকে অসমৰ ভিতৰতে এক বিশেষ ভূমিকা পালন কৰি আহিছে৷ অনাগত সময়তো জিলাখনে এই দায়িত্ব সঠিকভাৱে পালন কৰি অসমৰ ভিতৰতে অগ্ৰণী ভূমিকা পালন কৰি জিলাখনৰ স্বকীয়তা বজাই ৰাখিবলৈ সমৰ্থ হ’ব৷


ভবেন গগৈ

স্নাতকোত্তৰ শিক্ষক (বুৰঞ্জী)

জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়৷

Post a Comment

0 Comments